মৰ্মান্তিক ঘটনা! এমাহতে পিতৃ-মাতৃক হেৰুৱাই নিঠৰুৱা ৪ সন্তান
July 3, 2021নিউজ ডেস্ক। এক অকল্পনীয় তথা শােকাৱহ ঘটনা। মাত্ৰ এমাহৰ ভিতৰতে নিজ পিতৃ-মাতৃক হেৰুৱাই নিঠৰুৱা হ’ও ৪ শিশু।
তিনিচুকীয়া জিলাৰ ডিগবৈত সংঘটিত হৈ এই কৰুণ ঘটনা।
এটা মাহতে পিতৃ-মাতৃৰ মৃত্যুত হাহাকাৰ অৱস্থা হৈছে চাৰিটা শিশু-কিশোৰৰ।
ঘটনাটো ডিগবৈ লক্ষীপথাৰৰ মামনি গাঁৱৰ ১০ নং ৱাৰ্ডৰ।
এমাহ পূৰ্বে অচিন ৰোগত আক্ৰান্ত হৈ শিশুকেটিৰ মাতৃৰ মৃত্যু হয়। মাতৃৰ মৃত্যুৰ এমাহ পিছত দৰিদ্ৰ পৰিয়ালটোৰ পিতৃ ধনু ওৰাঙৰ মৃত্যু হয়।
যোৱা ২৯ জুনত পিতৃৰ মৃত্যু হোৱাৰ লগে লগে নিঠৰুৱা হৈ পৰিছে তেওঁলোকৰ চাৰিটা সন্তান।
তিনি কন্যা সন্তাৰ লগতে আছে এজন প্ৰায় তিনিবছৰীয়া পুত্ৰ সন্তান।
এতিয়া বাঁহৰ সৰু পঁজাটোৰ বাহিৰে আৰু আন একো নাই চাৰিটা কণমানি কিশোৰ কেইটিৰ।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ স্থানীয় লোকৰ আহ্বান, এই কণমানি কিশোৰকেইটাই অসম চৰকাৰৰ আঁচনিৰ জৰিয়তে তেওঁলোকক যাতে অলপ সহায় কৰে।