মৰ্মান্তিক! জানত পৰি দুই কণমানি ভগ্নীৰ মৃত্যু

September 2, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। জানৰ পানীত পৰি দুই কণমানি ভগ্নীৰ কৰুণ মৃত্যু।

জানিব পৰা মতে, ডিমৌৰ কাষৰীয়া বকতাত সংঘটিত হৈছে এই।

বকতা নেমুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ফেকেলানি হাবিগাঁৱৰ দুই কণমানি কন্যাৰ সলিল সমাধি ঘটাৰ খবৰে এতিয়া বকতা অঞ্চলত শোকৰ ছাঁ পেলাইছে।

বকতা ফেকেলানি বাহিগাঁও নিবাসী মহেশ ভূঞাৰ দুই শিশু কন্যা সোণমণি ভূঞা (৮) আৰু বৰষা ভূঞা (৭)ই বিয়লি প্ৰায় ৩.৩০ বজাত পৰিয়ালৰ অলক্ষিতে গৈ ঘৰৰ পিছফালে থকা ধনেখন্দা জানত মাছ ধৰিবলৈ পাতি ৰখা এখন জালৰ কাষত খেলি আছিল।

বাৰিষা পানীৰে উপচি থকা ধনেন্দা জানৰ কাষত ধেমালি কৰি থকাৰ মাজতে জানৰ দ পানীত পিছলি পৰে দুই কণমানি ভগ্নী।

পিছত ঘটনাৰ বিষয়ে জানিব পাৰি স্থানীয় লোকৰ সহযোগত পৰিয়ালৰ লোকে দুই ভগ্নীক পানীৰ পৰা উদ্ধাৰ কৰি ডিমৌ আদৰ্শ চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

দুই কন্যা সন্তানৰ মৃত্যুত শোকত ভাগি পৰিছে পিতৃ-মাতৃ।

মৃত দুই শিশুৰ মৃতদেহৰ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে বকতা নেমুগুৰি আৰক্ষী আহি ডিমৌ থানাত উপস্থিত হৈছে বুলি জানিব পৰা গৈছে।