মৰ্মান্তিক! নাতিয়েকৰ জন্মদিনৰ মিঠাই আনিবলৈ গৈ পথ দুৰ্ঘটনাত ককাকৰ মৃত্যু
September 3, 2021নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। নাতিয়েকৰ জন্মদিনৰ মিঠাই আনিবলৈ গৈ পথ দুৰ্ঘটনাত শােকাৱহ মৃত্যু ককাকৰ।
এই ঘটনাৰ স্থান বাইহাটা চাৰিআলি ৰামগাঁও-নাগ্ৰীজুলি গড়কীপ্তানি পথ।
জানিব পৰা মতে, বুধবাৰে নিশা পথটােৰ সূতাৰগাঁও চ’ক বজাৰৰ সমীপত অচিনাক্ত বাহনে খুন্দিয়াই পেলাই থৈ যায় সূতাৰগাঁৱৰ সৰবৰহী ব্যক্তি জাকিৰ হুছেইন (৫৫)ক।
তাৰ পাছত আমিনগাঁৱৰ জি এন আৰ চি হাস্পতালত মৃত্যু হয় লােকজনৰ।
জানিব পৰামতে, সূতাৰগাঁৱৰ বাসিন্দা সমাজকৰ্মী জাকিৰ হুছেইনে নাতিনীকেয়ৰ জন্মদিনৰ বাবে বাইকেৰে মিঠাই নিবলৈ আহিছিল।
মিঠাই লৈ গৈ থকা অৱস্থাত ঘৰৰ সমীপতে তেওঁক পিছফালৰ পৰা গৈ থকা এখন বলেৰ’ পিকআপ ভানে তীব্ৰ জোৰে খুন্দা মাৰি পলায়ন কৰে।
গুৰুতৰভাৱে আহত হুছেইনক স্থানীয় লোকে ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে।
মৃত্যুৰ সময়ত তেওঁ পিতৃ-মাতৃ, পত্নী, এজন পুত্ৰ, তিনিজনী কন্যা আৰু দুই ভাতৃক এৰি থৈ যায়।