মৰ্মান্তিক! পশুধনৰ বাবে ঘাঁহ কাটিবলৈ গৈ সলিল সমাধি যুৱকৰ

September 2, 2021 0 By NEWS DESK

নিউজ ডেস্ক। মাজুলীৰ বৰগুৰি যোৰবিল গাঁৱত শোকাৱহ ঘটনা।

ঘাঁহ কাটিবলৈ গৈ পানীত পৰি এজন যুৱকৰ মৃত্যু।

চাৰিওফালে বানপানী সৃষ্টি হোৱাত পশুধনৰ বাবে ঘাঁহ কাটিবলৈ গৈ পানীত পৰি সলিল সমাধি বৰগুৰি যোৰাবিল গাঁৱৰ ২৭ বছৰীয়া যুৱক হেমকুমাৰ ভৰালী।

পিতৃহীন ঘৰখনৰ একমাত্ৰ পুত্ৰ হোৱাৰ লগতে একমাত্ৰ উপাৰ্জনকাৰী আছিল হেমকুমাৰ ভৰালী।

দিনহাজিৰা কৰি যেনেতেনে পৰিয়াটিক দুবেলা দুমুঠি যোগান ধৰা পুত্ৰৰ এনে অকাল মৃত্যুত ভাগি পৰিছে বৃদ্ধা মাতৃ।