মৰ্মান্তিক! পিতৃ-মাতৃৰ সন্মুখতে বন্যহস্তীৰ গচকত মৃত্যু কিশোৰৰ…

June 6, 2021 0 By Biraj Kalita

এক মৰ্মান্তিক ঘটনা।

বন্য হস্তীৰ আক্ৰমণত পিতৃ-মাতৃৰ সন্মুখতে প্ৰাণ গল এটি কিশোৰৰ।

সংকট জনক অৱস্থাত আন এটি শিশুক প্ৰেৰণ কৰে চিকিৎসালয়লৈ।

নিহত শিশু মাধৱ কৰুৱা (১১) আৰু আহত জনৰ নাম চেনিকা কৰুৱা ( ডেৰ বছৰ) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে শনিবাৰে মাজনিশা আমচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীটোৱে চাহ বাগিচাখনৰ বাসিন্দা জীৱন কুৰুৱা নামৰ লোকজনৰ বাসগৃহত আক্রমণ কৰে৷ বন্যহস্তীটোৱে প্রথমে জীৱন কুৰুৱাৰ ঘৰৰ চৌহদৰ বেৰ ভাঙি পেলায়৷

বন্যহস্তীৰ আক্রমণৰ উমান পাই জীৱন কুৰুৱা আৰু তেওঁৰ পত্নীয়ে দুই সন্তানক লৈ বাসগৃহৰ পৰা পলায়নৰ চেষ্টা চলায় যদিও বন্যহস্তীটোৱে পৰিয়ালটোৰ ওপৰত আক্রমণ কৰে৷

বন্যহস্তীৰ আক্রমণৰ ফলত জীৱন কুৰুৱাৰ ১১ বছৰীয়া পুত্র মাধৱ কুৰুৱা আৰু ডেৰ বছৰীয়া শিশুটি পৰি যায়৷ বন্যহস্তীৰ গচকত পুত্র মাধৱ কুৰুৱা থিতাতে নিহত হয় আৰু কণমানি ডেৰ বছৰীয়া শিশু চেনিকা কুৰুৱা গুৰুতৰভাৱে আহত হয়৷

কিন্তু এই নিদাৰুণ ঘটনা নিৰাপদ দূৰত্বৰ পৰা প্রত্যক্ষ কৰাৰ বাদে সেই সময়ত আন একো পথ নাছিল অসহায় পিতৃ–মাতৃৰ বাবে।

লগতে চাওকঃ

মৰ্মান্তিক! ক’ভিড-১৯ত পিতৃ-মাতৃক হেৰুৱাই দিশহাৰা ৩ কন্যা সন্তান

বনাঞ্চলত হাতীৰ জাকৰ দীৰ্ঘতম যাত্ৰা, ড্ৰােন কেমেৰাত বন্দী বহু দুৰ্লভ দৃশ্য