মৰ্মান্তিক! বিদ্যুৎস্পৃষ্ট হৈ ৬ বছৰীয়া শিশুৰ মৃত্যু

October 23, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু এটি ৬ বছৰীয়া শিশুৰ।

এই ঘটনাৰ স্থান নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ মেৰুৱাট্টাৰী।

স্থানীয় লোকৰ অভিযোগ অনুসৰি, মেৰুৱাট্টাৰী গাঁৱৰ হানিফ আলীৰ পুত্ৰ ৬ বছৰীয়া ছৰিফুল ইছলামৰ গাঁওখনৰ আমিনুল ইছলাম নামৰ লোকজনৰ বিদ্যুৎ সংযোগ কৰি থোৱা বেৰত স্পৰ্শ কৰাত কৰুণ মৃত্যু ঘটে।

শিশুটিক পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে মুকালমুৱা চিকিৎসালয়লৈ নিছিল যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে।

মেৰুৱাপট্টাৰী মিলন প্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছৰিফল ইছলামে দোকানলৈ আহি কৰুণ মৃত্যুক সাবটি লোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

উল্লেখ্য যে আমিনুল ইছলামৰ ঘৰ পথৰ দাঁতিত হোৱাহেতুকে পথচাৰীয়ে ঘৰৰ বেৰ নষ্ট কৰাৰ অভিযোগ তুলি আমিনুলে বেৰত বিদ্যুৎ সংযোগ কৰা বুলি জানিবলৈ দিয়ে।

আমিনুল ইছলামৰ এনে কাণ্ডক গাঁওবাসীয়ে ধিক্কাৰ দি প্ৰাশাসনক উচিত তদন্ত কৰিবলৈ দাবী জনাইছে।