মৰ্মান্তিক! বিষাক্ত সৰ্পৰ দংশনত মৃত্যু যুৱকৰ
September 23, 2021নিউজ ডেস্ক। ওদালগুৰি জিলাৰ কঠালগুৰিত এডাল বিষাক্ত সৰ্পৰ দংশনত এজন যুৱকৰ মৃত্যু।
জানিব পৰা মতে, মঙলবাৰে আবেলি ৫ বজাত এজন সহযোগীৰ সৈতে পথাৰত ঘাঁহ কাটিবলৈ যোৱাৰ সময়তে ধনেশ্বৰ চৌহান নামৰ লোকজনক এডাল বিষাক্ত সাপে দংশন কৰে।
লোকজনক প্ৰাথমিক চিকিৎসাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তিনিটাকৈ বেজি দি ততালিকে তেজপুৰ মেডিকেল কলেজ হস্পিটাললৈ স্থানান্তৰ কৰিবলৈ কয়।
কিন্তু দুৰ্ভাগ্যক্ৰমে আদবাটতে লোকজনৰ মৃত্যু ঘটে।
পৰিয়ালৰ লােকে ১০৮ সেৱাত যোগাযোগ কৰিছিল যদিও কেইবা ঘণ্টা পলমকৈ অহাৰ বাবে সময়মতে হাস্পতাললৈ গৈ নোপোৱাত লোকজনৰ মৃত্যু ঘটে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে।