মৰ্মান্তিক! বৈদ্যুতিক ফান্দত পৰি বনৰীয়া হাতীৰ মৃত্যু

October 16, 2021 0 By NEWS DESK

নিউজ ডেস্ক। গােৱালপাৰা জিলাৰ দুধনৈ সমষ্টিৰ অন্তৰ্গত দৰংগিৰিৰ শান্তিপুৰত উদ্ধাৰ এটা বন্যহস্তীৰ মৃতদেহ।

ধাননি পথাৰৰ মাজত মৃত অৱস্থাত উদ্ধাৰ হয় বন্যহস্তীটো।

ধাননি পথাৰত সংযোগ কৰা বিদ্যুৎ পৰিবাহী তাঁৰত লগাৰ ফলতেই বন্যহস্তীটো মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

জানিব পৰা মতে, নিশা ৩০-৩৫টা এটা হাতীৰ জাকে পথাৰখনত শস্য খাবলৈ আহিছিল।

শস্য খাই আঁতৰি গৈছিল বন্যহস্তীৰ জাকটো। কিন্তু আজি পুৱা ৰহস্যজনকভাৱে ধাননি পথৰাখনত এটা বন্য হস্তীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যই সৃষ্টি কৰিছে।

নিশা জাকৰ সৈতে শস্য খাবলৈ আহি এনেদৰে ধাননি পথাৰত এটা বন্য হস্তীৰ মৃত্যুই এক ৰহস্যৰ সৃষ্টি কৰিছে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে বন বিভাগৰ লোক ঘটনাস্থালীত উপস্থিত হয়। লগতে বন্য হস্তীটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে পশু চিকিৎসকৰ এটা দল উপস্থিত হয় ঘটনাস্থলীত।

মৃত হস্তীটো প্ৰত্যক্ষ কৰি বিদ্যুৎ সংযোগ হোৱাৰ ফলতে মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে পশু চিকিৎসকৰ দলটোৱে।