মৰ্মান্তিক! মাটি কঢ়িওৱা ট্ৰেক্টৰৰ চেপাত প্ৰাণ গ’ল ৮ বছৰীয়া শিশুৰ

April 16, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। মাটি কঢ়িওৱা ট্ৰেক্টৰৰ খুন্দাত কৰুণভাৱে মৃত্যুক আঁকােৱালি ল’লে এটি ফুলকােমলীয়া শিশুৱে।

এই ঘটনাৰ স্থান দৰং জিলাৰ দলগাঁৱৰ খগজানী গাওঁ।

জানিব পৰা মতে, খাৰুপেটীয়া থানাৰ অন্তৰ্গত খগজানী গাঁৱত AS-13-AC-0458 নম্বৰৰ ট্ৰেক্টৰৰ চেপাত কৰুণ মৃত্যু হয় ইব্রাহীম আলী (৮) নামৰ শিশুটিৰ।

প্ৰত্যক্ষদৰ্শীৰ মতে, নিজ ঘৰৰ সন্মুখত পথৰ কাষত খেলি থকা অৱস্থাত গাঁওখনৰে এজন লোকৰ অবৈধভাৱে মাটি কঢ়িওৱা ট্ৰেক্টৰৰ চেপাত কৰুণ ভাবে মৃত্যু হয় কনমানি ইব্রাহীম আলী।

ঘটনাৰ খবৰ লাভ কৰি স্থানীয় আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰখন জব্দ কৰে।

লগতে মৃত শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

লগতে চাওকঃ

চালকৰ তৎপৰতাৰ বাবেই ৰে’লপথত ৰৈ থকা বনৰীয়া হাতীৰ প্ৰাণৰক্ষা!

ক’ভিড আক্ৰান্ত হৈ অসমৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ দিল্লীত মৃত্যু