মৰ্মান্তিক! সৰ্প দংশনত জাপি শিল্পীৰ মৃত্যু

September 12, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। গৰুৰ বাবে ঘাঁহ কাটিবলৈ গৈ সৰ্প দংশনত প্ৰাণ গ’ল এজন গােপালক তথা জাপি শিল্পীৰ।

এই ঘটনাৰ স্থান নলবাৰী জিলাৰ বালা মুগকুছি।

জানিব পৰা মতে, শনিবাৰে পুৱা সংঘটিত হয় এই শােকাৱহ ঘটনা।

শোকাৱহ ঘটনাত মৃত্যুক আকোৱালি লোৱা কৃষকজন হৈছে মধু বৈশ্য।

বালা মুগকুছি গাঁৱৰ কৃষক বৈশ্যই দিনৰ ভাগত কাম কৰাৰ উদ্দেশ্যেৰে খেতিপথাৰলৈ গৈছিল।

তেনে অৱস্থাতে বিশাক্ত সৰ্পই দংশন কৰে। ইয়াৰ পাছতে গৃহলৈ আহি লোকজনে নলবাৰী অভিমুখে এখন ই-ৰিক্সাৰে আহি থকা অৱস্থাত পথতে ঢলি পৰে।

লগে লগে পৰিয়ালৰ লোকে তেওঁক নলবাৰীৰ অসামৰিক চিকিৎসালয়লৈ আনে যদিও অৱস্থা সংকটজনক হোৱাত চিকিৎসকে লোকজনক জি এম চি এইচলৈ প্ৰেৰণ কৰে।

ডি এম চি এইচলৈ নিয়াৰ পথত ব্যক্তিজনৰ স্বাস্থ্যৰ অৱস্থা অধিক সংকটজনক হৈ পৰাত বাইহাটা চাৰিআলিৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।