মৰ্মান্তিক! ৰাসায়নিক দ্ৰব্য দিয়া বিষাক্ত শস্য খাই শ শ পক্ষীৰ মৃত্যু…

July 20, 2021 0 By Biraj Kalita

বৰপেটা জিলাৰ শিলাগাঁৱত সোমবাৰে ৰাসায়নিক দ্ৰব্য দিয়া বিষাক্ত শস্য খাই মৃত্যুমুখত পৰে কেইবা শতাধিক পক্ষী।

চৰাই–চিৰিকটি, হাহ–কুকুৰাৰ পৰা শস্য ৰক্ষা কৰাৰ বাবেই এই নিষ্ঠুৰ কাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰিছে ৰাইজে।

ঘনচিৰিকা, কপৌকে ধৰি বহু চৰাইৰ মৃত্যু হৈছে। পোহনীয়া হাহ–কুকুৰা, পাৰৰো মৃত্যু ঘটিছে এই বিষাক্ত বিহযুক্ত শস্য খাই। বহু ছাগলীও আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, যিখিনি কৃষিভূমিত এই পক্ষীসমূহৰ মৃত্যু হৈছে সেই ভূমিৰ চাৰিসীমাতো আছে খেতি।

কিন্তু বাকী কৃষিভূমিত পক্ষীৰ মৃত্যু হোৱা নাই। যাৰ বাবে ৰাইজে সেই খেতিখিনি কৰা খেতিয়কজনকে বিষাক্ত বিহ মিহলাই পক্ষীবোৰ হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে।

জানিব পৰা মতে, শিলাগাঁৱৰ হৰকুমাৰ শৰ্মা নামৰ লোকজনে তেওঁৰ আঢ়ৈ বিঘা মাটি 2 নং শিলাগাঁৱৰ পজিৰ আলী ওৰফে পাশান ডাক্তৰৰ ওচৰত বন্ধকত থৈছিল৷ পজিৰ আলীয়ে পকদ গাঁৱৰ আচমত আলী আৰু নৱাব আলী নামৰ লোক দুজনক কঠিয়া সিঁচিবলৈ লীজত দিছিল ৷

দুদিন পূৰ্বে এই মাটিখিনিতে শালিধানৰ কঠিয়া সিঁচিছিল দুই খেতিয়কে৷ কঠিয়া সিঁচাৰ সময়ত চৰাইয়ে শস্য খাই অনিষ্ট কৰিব নোৱাৰাকৈ কঠিয়াত বিষাক্ত দ্ৰব্য মিহলাই দিয়া হৈছিল।

ইয়াৰ ফলতেই বিভিন্ন প্ৰজাতিৰ পক্ষী মৃত্যুমুখত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে।

উক্ত ঘটনা সম্পৰ্কে জিলা প্ৰশাসনক অৱগত কৰিছে স্থানীয় ৰাইজে ৷ লগতে তেওঁলোকে দোষীক বিচাৰি উলিয়াই কঠোৰ শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক দাবী উত্থাপন কৰিছে।