যদি গাড়ী হৰ্নত মিউজিক বাজে, আমি কি বজাম? জুবিন গাৰ্গৰ প্ৰশ্ন

September 8, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কেন্দ্ৰীয় পথ পৰিবহন বিভাগে গাড়ীত হৰ্নৰ ঠাইত সংগীতৰ শব্দৰ প্ৰয়ােগ কৰিব বুলি কৰা ঘােষণাই চৌদিশে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এই পদক্ষেপক একাংশই আদৰণি জনোৱাৰ বিপৰীতে একাংশই বিভিন্ন যুক্তিৰে ইয়াক অনুচিত বুলি ক’ব খুজিছে।

এইবাৰ এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে।

নগাঁও চহৰৰ ফৌজদাৰীপট্টিত সীতাজখলাৰ এখন বিপণী মুকলি কৰিবলৈ মংগলবাৰে নিশা নগাঁৱত উপস্থিত হােৱা জুবিন গাৰ্গে এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- ‘সংগীত কেৱল ষ্টিডিঅ’ৰ বাবেহে। গাড়ী হৰ্নৰ সলনি সংগীত লগোৱাটো অদ্ভুত কথা। যদি গাড়ীৰ হৰ্নত সংগীত বাজে, আমি কি বজাম? যিজনে এই কথা কৈছে তেওঁ নিজৰ গাড়ীত সেই হৰ্ন লগাওক।’