যাতায়ত বিপৰ্যয়ঃ কদৰ্যময় পথত মৈয়াই, ভুঁই ৰুই ৰাইজৰ উত্তাল প্ৰতিবাদ…

June 21, 2021 0 By Biraj Kalita

নগৰবেৰাৰ টুপামাৰীত কদৰ্যময় পথত মৈয়াই, ভুঁই ৰুই ৰাইজৰ উত্তাল প্ৰতিবাদ।

৩ নং টুপামাৰী গড়কাপ্তানী পথৰ পৰা মন্দিৰালৈ যোৱা পথচোৱাই জ্বলাকলা খুৱাইছে ৰাইজক।

পথৰ কদৰ্যময় অৱস্থাই ৰাইজক দীৰ্ঘদিনৰে পৰা ভোগাইছে নৰক যন্ত্ৰণা।

সাধাৰণ বাইক’ এখন পিছফালৰ পৰা কোনোবাই ঠেলি নিদিলে আগুৱাই নিয়াৰ সাধ্য নাই।

চৰকাৰে বছৰে বছৰে টকা মোকলাই দিয়ে যদিও দহ শতাংশ মানৰ মাটি পেলাই বাকী সমূদায় আত্মসাত কৰে একাংশ খকুৱা পঞ্চায়ত প্ৰতিনিধিয়ে।

এই পথছোৱাৰে ক্ৰমে-বকো, চেঙা-বাঘবৰ তিনিটাকৈ সমষ্টিৰ ৰাইজে নিতৌ এনে পংকিলতাৰে কৰে অহাযোৱা।

চৰকাৰে বিগত ২০১৯/২০২০ বৰ্ষতো পথটিৰ বাবদ আৱণ্টন কৰিছিল ৮,৩১,০৬০/- টকা, পিছে আঞ্চলিক পঞ্চায়তৰ সভাপতি গৰাকীয়ে নামমাত্ৰ মাটি পেলাই সিংহভাগ হেনো সোমালে নিজৰ জেপত।

ফলত উপায়বিহীন ৰাইজে চৰকাৰ-প্ৰশাসনৰ দৃষ্টি আকৰ্ষণৰ বাবে ৰবিবাৰে সাব্যস্ত কৰিলে এনে অভিনৱ প্ৰতিবাদ।

পথৰ বোকাত মৈয়াই ,কঠিয়া ৰুই জনপ্ৰতিনিধিক ধিক্কাৰ দি তুলিলে পথৰ দুৰ্নীতিৰ তদন্তৰ দাবী।