যাতায়ত বিপৰ্যয়ঃ ৰাজপথত জাঁল মাৰি প্ৰতিবাদ কৰিলে ভুক্তভোগী ৰাইজে…

July 3, 2021 0 By Biraj Kalita

নগৰবেৰাত বিধ্বস্ত ৰাজপথত জাঁল মাৰি প্ৰতিবাদ সাব্যস্ত ভুক্তভোগী ৰাইজৰ।

৩ নং টুপামাৰী গড়কাপ্তানি পথৰ পৰা নকিমুদ্দিন মাষ্টৰৰ ঘৰলৈ যোৱা ৰাস্তাৰ অতিকে বিধ্বস্ত চেহেৰাই আমুৱাইছে ৰাইজক।

অভিযোগ অনুসৰি পথটিত বিধায়ক পুজিৰ মুঠ চাৰি লাখ টকাৰ মাত্ৰ ৫০/৬০ হাজাৰ টকাৰ কাম কৰি বাকী টকা আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰফিকুল ইছলামে কৰিলে আত্মসাত।

ৰাইজে পথটিৰ দুৰ্নীতিৰ বিৰুদ্ধে পূৰ্বেও কৰিছিল প্ৰতিবাদ ,ৰাইজৰ প্ৰতিবাদৰ খৱৰ পাই বিধায়িকা নন্দিতা দাসেও সংবাদ মেল পাতি আশ্বাস দিছিল তদন্তৰ।

পিছে তদন্ত দূৰৰে কথা পথটি চাবলৈও নগ’ল হেনো কোনো চৰকাৰী বিষয়া-কৰ্মচাৰী।

সম্প্ৰতি বৰষুণৰ পানীয়ে পুখুৰী সদৃশ কৰিলে বিধ্বস্ত পথচোৱা ,ফলত আহুকাল নামিছে ৰাইজৰ যাতায়তত।

সেয়ে পুনৰ পথ মেৰামতিৰ কামত হোৱা দুৰ্নীতি-অনিয়মৰ তদন্তৰ দাবীত ৰাইজে জাঁল মাৰি সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ।