যাত্ৰীবাহী বাছৰ পৰা জব্দ নগদ ১৩ লাখ টকা

February 16, 2022 0 By NEWS DESK

নিউজ ডেস্ক। অসমৰ মাজেৰে বাংলাদেশলৈ গৰুৰ চােৰাং বেহা অব্যাহত থকাৰ মাজতে প্ৰতিবেশী দেশখনৰ পৰা হাৱালা মাধ্যমৰ জৰিয়তে প্ৰেৰণ কৰা হৈছে লাখ লাখ টকা।

গৰুৰ চােৰাং বেহাৰ লগতে নিষিদ্ধ ড্ৰাগছ আৰু অন্যান্য চােৰাং সামগ্ৰীৰ বিনিময়ত হাৱালাৰ জৰিয়ত ধন প্ৰেৰণ কৰা হৈছে বাংলাদেশৰ পৰা।

এই সন্দৰ্ভত আৰক্ষীয়ে লাভ কৰা গােপন সূত্ৰৰ ভিত্তিতে অসম-বংগ সীমান্তৰ পৰা এখন বাছৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১৩ লাখ টকা।

এই ঘটনাৰ সংক্ৰান্তত আৰক্ষীয়ে এজন যুৱকক আটক কৰে। যুৱকজনৰ স্বীকাৰােক্তিৰ ভিত্তিত আৰক্ষীয়ে আন এজন যুৱককাে জেৰাৰ বাবে আটক কৰে।

আটকাধীন যুৱক দুজন ক্ৰমে সহিদুল ইছলাম আৰু উছুফ আলী বুলি জানিব পৰা গৈছে।

এই সংক্ৰান্তত জিলাখনৰ আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, হাৱলা চক্ৰই উক্ত ধনখিনি বাংলাদেশৰ পৰা প্ৰথমে পশ্চিম বংগৰ কলকাতা আৰু তাৰ পৰা কোচবিহাৰ হৈ অসমলৈ প্ৰেৰণ কৰিছিল।

পৰিকল্পনা অনুসৰি, এই ধনখিনি ধুবুৰী, দক্ষিণ শালমাৰাৰ উপৰি মেঘালয় আদি বিভিন্ন ঠাইৰ চােৰাং ব্যৱসায়ীক প্ৰদান কৰা হয়।

এই হাৱালা চক্ৰটােৰ সৈতে জড়িত লােকক চিনাক্ত কৰিবলৈ ধুবুৰীৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলিও তেওঁ প্ৰকাশ কৰে।