যাত্ৰীবাহী বাছৰ সৈতে বাইকৰ সংঘৰ্ষত এজনৰ মৃত্যু
February 20, 2022নিউজ ডেস্ক। গােৱালপাৰা জিলাৰ দুধনৈ থানাৰ এলেকাধীন লেলাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লােকৰ মৃত্যু হয়।
এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় এজন লােক।
জানিব পৰা মতে, এএছ০১ জেচি২৫৮৮ নম্বৰৰ এখন তীব্ৰবেগী আল্ট্ৰা বাছে বাইক এখনক প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।
উক্ত দুৰ্ঘটনাত দুই বাইক আৰোহী সঞ্জু ৰাভা (৩৫) আৰু প্ৰকাশ দাস(২৩) গুৰুতৰভাৱে আহত হৈছিল।
দুৰ্ঘটনাৰ খবৰ লাভ কৰি লগে লগে আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ আহত দুই বাইক আৰোহীকে চিকিৎসাৰ বাবে দুধনৈৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল যদিও আঘাত গুৰুতৰ হোৱা বাবে সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।
কিন্তু গুৱাহাটীলৈ নিয়াৰ পথত গুৰুতৰভাৱে আহত হোৱা প্ৰকাশ দাস নামৰ লোকজনৰ মৃত্যু ঘটে।
জানিব পৰা মতে নিহত প্ৰকাশৰ ঘৰ লেলাত আৰু আহত সঞ্জুৰ ঘৰ লেলা শগুণবাহীত।
লগতে চাওকঃ চাওক আপােনাৰ সাপ্তাহিক ৰাশিফল