যাত্ৰীবাহী ৰে’লৰ খুন্দাত নিহত মহিলা
September 7, 2021নিউজ ডেস্ক। উত্তৰ লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত গড়মূৰ ৰে’ল ক্ৰচিঙত সংঘটিত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা।
যাত্ৰীবাহী ৰে’লৰ খুন্দাত নিহত এগৰাকী মহিলা।
জোনাই মুৰ্কংচেলেক ৰঙিয়া অভিমুখী যাত্ৰীবাহী ৰে’লৰ খুন্দাত নিহত হৈছে এগৰাকী মহিলা।
নিহত মহিলাগৰাকীৰ সম্পূৰ্ণ ঠিকনা উদ্ধাৰ হোৱা নাই যদিও নাওবৈচা ফুলবাৰী দলঙা পথাৰৰ বুলি অনুমান কৰা হৈছে।
আনহাতে একাংশ লোকে লোকে মহিলাগৰাকীয়ে আত্মহত্যা কৰাৰ সন্দেহো প্ৰকাশ কৰিছে।
প্ৰত্যক্ষদৰ্শীৰ ভাষ্যনুসৰি নিজ গৃহৰ পৰা লালুক অভিমুখে আহি থকাৰ সময়তে সংঘটিত হয় উক্ত দুৰ্ঘটনাটো।