যান-বাহনৰ ‘ভুৱা’ ইঞ্চুৰেঞ্চৰ নামত গ্ৰাহকক প্ৰতাৰণা! আৰক্ষীৰ জালত ১১

January 6, 2021 0 By NEWS DESK

নিউজ ডেস্ক। আপুনি যদি নিজৰ বাহনখনৰ ইঞ্চুৰেঞ্চ কৰিবলৈ কোনো প্ৰতিষ্ঠান অথবা কোনো ব্যক্তিৰ লগত কথা পাতিছে, তেন্তে প্ৰতিষ্ঠানটোৰ সম্পূৰ্ণ তথ্য আৰু গ্ৰহণযোগ্যতা সন্দৰ্ভত জানি লৈহে সিদ্ধান্ত ল’ব। কিয়নো আপুনি হৈ যাব পাৰে কোনো ভুৱা প্ৰতিষ্ঠান বা লোকৰ বলি।

তেনে এক ভুৱা চক্ৰক মঙ্গলবাৰে আটক কৰে আৰক্ষীৰ এক দলে। হাইদৰাবাদৰ চাইবাৰবাদত যান বাহনৰ ইঞ্চুৰেঞ্চ কৰা এক ভুৱা সংস্থাৰ ১১ জনক আটক কৰে আৰক্ষীৰ এক বিশেষ অভিযানকাৰী দলে।

ৰিলায়েন্স জেনেৰেল ইঞ্চুৰেঞ্চৰ আঞ্চলিক প্ৰবন্ধক গুৰুবৰ্ধন পেৰলাৰ গোচৰৰ ভিত্তিত আৰক্ষীৰ দলটোৱে অভিযান চলাই আটক কৰে এই ভুৱা চক্ৰটোক।

জানিব পৰা মতে, চক্ৰটোৱে কেইবাটাও যান-বাহন ইঞ্চুৰেঞ্চ কোম্পানী যেনে – ৰিলায়েন্স জেনেৰেল ইঞ্চুৰেঞ্চ, কটাক জেনেৰেল ইঞ্চুৰেঞ্চ, , HDFC ERGO General Insurance, IFFCO-TOKIP General Insurance, Chola M.S. General Insurance, Future General insurance, Shreeram General Insurance, Royal Sundaram general insurance আদিৰ নামত ভুৱা চাৰ্টিফিকেট বনাই প্ৰয়োজনীয় লোকক যথেষ্ট টকাত বিক্ৰী কৰে।

এই চক্ৰটোৰ কোনোৱে যদি পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰদূষণ পৰীক্ষাৰ গাড়ী ৰাখি বিভিন্ন গাড়ীৰ প্ৰদূষণ পৰীক্ষাৰ কৰে, আন কোনোৱে আকৌ বিভিন্ন ইঞ্চুৰেঞ্চ কোম্পানীত কাম কৰে। কোনোবাজন ইঞ্চুৰেঞ্চ কোম্পানীৰ ছফ্টৱেৰ বা প্ৰগ্ৰেমিংৰ লগত জড়িত।

যেতিয়াই তেওঁলোকৰ ওচৰলৈ কোনো গ্ৰাহক আহে, তেতিয়াই তেওঁলোকৰ ইঞ্চুৰেঞ্চ সন্দৰ্ভত কথা পাতি ব্যক্তিজনৰ বাহনখনৰ ইঞ্চুৰেঞ্চ আছে নে নাই জানি লয়। আৰু যদি তেওঁ নাই বুলি কয়, তেন্তে ব্যক্তিজনক কথাৰ চাতুৰীৰে পতিয়ন নিয়াই ইঞ্চুৰেঞ্চ কৰিবলৈ জোৰ দিয়ে।

ইয়াৰোপৰি যান-বাহনৰ পঞ্জীয়নৰ বাবে বাহনৰ ইঞ্চুৰেঞ্চ বাধ্যতামূলক। বহুতো লোকে পঞ্জীয়নৰ বাবে এওঁলোকৰ ওচৰত আহে। সেয়েহে চক্ৰটোৰ লগত পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ লোকো জঢ়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

আৰক্ষী আয়ুক্ত ভিচি চাজানাৰে এক সংবাদ মেল সম্বোধন কৰি কয় যে, চামচাবাদৰ পৰা এটা চক্ৰক উৎখাত কৰা হয়। তেওঁলোকৰ পৰা ১,১২৫ খন নথিপত্ৰ, নগদ ৫৭,০০০ টকা, তিনিখন প্ৰদূষণ পৰীক্ষা কৰা বাহন, তিনিটা ষ্টাম্প, দুটা লেপটপ, আঠখন ৰিলায়েন্স ইঞ্চুৰেঞ্চৰ পেড, ছটা চিপিইউ, পাঁচটা মনিটৰ, ছটা প্ৰিন্টাৰ আৰু এঘাৰটা মোবাইল ফোন জব্দ কৰা হয়।