যীশুখীষ্টৰ নকল সোণৰ মূৰ্তিসহ আটক দুজন

October 31, 2021 0 By NEWS DESK

নিউজ ডেস্ক। নগাঁৱত যীশুখ্ৰীষ্টক লৈ চোৰাং বেহা।

যীশুখ্ৰীষ্টৰ নকল সোণৰ মূৰ্তিসহ আটক দুজন লোক।

আটকাধান লোক দুজন ৰূপহীহাট থানাৰ অন্তৰ্গত কৰৈগুৰিৰ আমীৰ হুছেইন আৰু পশ্চিম লৰীমুখৰ আইজুল ইছলাম।

নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত এণ্টি নাৰ্কটিক স্কোৱাডে বিশেষ সূত্ৰৰ পম খেদি নগাঁও চহৰৰ সমীপৰ ইটাচালী আৰক্ষী চকীৰ অন্তৰ্গত মহখুলিস্থ মাতৃমংগল কেন্দ্ৰৰ ওচৰৰ পৰা এটা নকল সোণৰ মূৰ্তিসহ দুজন লোকক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে উদ্ধাৰ কৰা নকল সোণৰ মূৰ্তিটো ভগৱান যীশুখ্ৰীষ্টৰ।

এই নকল সোণৰ ব্যৱসায়ীয়ে বুজন পৰিমাণৰ ধনৰ বিনিময়ত মূৰ্তিটো বিক্ৰী কৰিবৰ বাবে গ্ৰাহকৰ স’তে যোগাযোগ কৰিছিল।

এই খবৰ লাভ কৰি নগাঁৱৰ আৰক্ষীয়ে অভিযান চলাই লোক দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

এই সন্দৰ্ভত নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে ব্যৱসায়ী দুজনে এই মূৰ্তিটো ৭০ লাখ টকাত বিক্ৰী কৰিবৰ বাবে দাম নিৰ্ধাৰণ কৰিছিল যদিও পিছলৈ তেওঁলোকে দামৰ পৰিমাণ হ্ৰাস কৰে।

এই সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।