যুৱতীৰ ওপৰত নৃশংস অত্যাচাৰ, ধৰ্ষণ একাংশৰ, ৫ নৰপিশাচক বিচাৰি অসম আৰক্ষীয়ে ঘোষণা কৰিছে পুৰস্কাৰ…
May 27, 2021ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এক অপৰাধজনিত ভিডিঅ’ই কঁপাই গৈছে সমগ্ৰ দেশ।
এগৰাকী যুৱতীক কেইজনমান যুৱক সহিত এগৰাকী যুৱতীয়ে চলাইছে নৃশংস অত্যাচাৰ, কৰিছে ধৰ্ষণ।
অৱশ্যে এই ভিডিঅ’ ক’ত, কেতিয়া সংঘটিত হৈছে এয়া এতিয়াও জানিব পৰা হোৱা নাই।
ভিডিঅ’টিত হোৱা বাৰ্তালাপৰ ওপৰত ভিত্তি কৰি এই ভিডিঅ’ উত্তৰ পূৰ্বাঞ্চলৰ বুলি সন্দেহ কৰিছে একাংশই।
ভিডিঅ’টিত দেখিবলৈ পোৱা গৈছে যে একাংশ যুৱক আৰু এগৰাকী যুৱতীয়ে অতি নিষ্ঠুৰভাবে এগৰাকী যুৱতীক প্ৰহাৰ কৰিছে। কেৱল ইমানেই ক্ষান্ত নাথাকি যুৱতী গৰাকীৰ কাপোৰ খুলি অতি নিৰ্মম ভাৱে প্ৰহাৰ কৰে।
মানৱীয়তাক লজ্জিত কৰি যুৱতী গৰাকীৰ যৌনাংগত সোমাই দিয়ে সুৰাৰ বটল।
ভিডিঅ’টোত দেখা যোৱা উক্ত ৫ অভিযুক্তক বিচাৰি অসম আৰক্ষীয়ে ঘোষণা কৰিছে পুৰস্কাৰ।
These images are of 5 culprits who are seen brutally torturing & violating a young girl in a viral video.
— Assam Police (@assampolice) May 26, 2021
The time or place of this incident is not clear.
Anyone with information regarding this crime or the criminals may please contact us. They will be rewarded handsomely. pic.twitter.com/ZnNjtK1jr6
টুইটাৰযোগে অসম আৰক্ষীয়ে ৫ অভিযুক্তৰ ফটো প্ৰকাশ কৰি তেওঁলোকৰ বিষয়ে তথ্য থাকিলে অসম আৰক্ষীক জনাবলৈ আহ্বান জনাইছে। ইয়াৰ বিনিময়ত অসম আৰক্ষীয়ে ঘোষণা কৰিছে আকৰ্ষণীয় পুৰস্কাৰ।
অসম আৰক্ষীয়ে টুইটটোত লিখিছে, ‘এই ফটোসমূহ ৫ কালপ্ৰিটৰ যিয়ে এগৰাকী যুৱতীক নিৰ্যাতন চলোৱা দেখা গৈছে এটা ভাইৰেল ভিডিঅ’ত। এই ঘটনাৰ স্থান আৰু সময় স্পষ্ট নহয়। যদি কাৰোবাৰ সৈতে এই অপৰাধজনিত ঘটনা বা অভিযুক্তৰ সন্দৰ্ভত কোনো তথ্য আছে তেন্তে যোগাযোগ কৰক। তেওঁলোকক সুন্দৰ পুৰস্কাৰ দিয়া হ’ব।’