যুৱৰাজ সিং ফাউণ্ডেশ্যনৰ মহানুভৱতা, AMCHলৈ আগবঢ়াব ১০০ খন ICU বিচনা…

July 17, 2021 0 By Biraj Kalita

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিং ফাউণ্ডেশ্যনৰ মহানুভৱতা।

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতাললৈ আগবঢ়াব ১০০ খন ICU বিচনা।

ইতিমধ্যে এই সন্দৰ্ভত যুৱৰাজ সিং ফাউণ্ডেশ্যন আৰু ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে।

এই চুক্তি অনুসৰি মহামাৰী ক’ভিড-১৯ ৰ সময়ত শিশুসকলৰ জুৰুৰীকালীন চিকিৎসাৰ বাবে AMCHত ১০০ খন বিচনাযুক্ত আই চি ইউ স্থাপনৰ বাবে পুঁজি আগবঢ়াব ফাউণ্ডেশ্যনে।   

জানিব পৰা মতে, প্ৰথম কিস্তিত ৫০ খন বিচনা স্থাপনৰ বাবে পুঁজি আগবঢ়াব ফাউণ্ডেশ্যনটোৱে।

AMCHৰ মুখ্য অধীক্ষক সঞ্জীৱ কাকতিয়ে কয়- ‘পেডিয়েট্ৰিক আই চি ইউৰ এই ১০০খন বিচনাৰ ভিতৰত ২০খন বিচনাত সম্পূৰ্ণ ভেন্টিলেটৰৰ ব্যৱস্থা থাকিব আৰু বাকী ৮০খন অক্সিজেনযুক্ত বিচনা হাস্পতালখনৰ শিশু ৱাৰ্ডত স্থাপন কৰা হ’ব।’