যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ মুঠ ৬৭জন কাৰাবন্দী কোভিড-১৯ পজিটিভ
June 12, 2021যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ মুঠ ৬৭জন কাৰাবন্দী কোভিড-১৯ পজিটিভ।
শুক্ৰবাৰে ৩৩জন কাৰাবন্দীৰ কোভিড-১৯ পজিটিভ চিনাক্ত হোৱাৰ পাছত এতিয়া কাৰাগাৰখনৰ মুঠ কৰ’ণা আক্ৰান্ত কাৰাবন্দীৰ সংখ্যা ৬৭জনলৈ বৃদ্ধি পাইছে।
এদিনতে ৩০জনকৈ কাৰাবন্দী পজিটিভ চিনাক্ত হোৱাৰ পাছতে শুকুৰবাৰে স্বাস্থ্য বিভাগৰ বিষয়াৰ এটা দলে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।
কাৰাগাৰৰ এজন বিষয়াই জানিবলৈ দিয়ে যে কোভিড-১৯ত আক্ৰান্ত কাৰাবন্দীসকলক ভাইৰাছ সংক্ৰমণ ৰোধ কৰাৰ বাবে কাৰাগাৰৰ ভিতৰত পৃথক ৱাৰ্ডত আইছ্যলেশ্যনত ৰখা হৈছে।
আক্ৰান্ত ৰোগীসকল বৰ্তমান সুস্থ বুলি সদৰী কৰি বিষয়াসকলে কয় যে প্ৰয়োজন হ’লে তেওঁলোকক স্বাস্থ্য বিভাগৰ পৰামৰ্শ অনুসৰি তথা জিলা প্ৰশাসনৰ সৈতে আলোচনা কৰি কোভিড কেয়াৰ হাস্পাতাল বা কেন্দ্ৰলৈ স্থানান্তৰিত কৰা হ’ব।