যোৰহাট বিজ্ঞান আৰু প্রযুক্তিবিদ্যা প্রতিষ্ঠানৰ পুনৰ ৬ কৰ্মচাৰীক বৰ্খাস্ত…
July 16, 2021যোৰহাট বিজ্ঞান আৰু প্রযুক্তিবিদ্যা প্রতিষ্ঠানৰ পুনৰ ৬ কৰ্মচাৰীক বৰ্খাস্ত।
বক্র পথেৰে নিযুক্তি লাভ কৰাৰ ফলত কৰ্মচাৰী কেইজনক বৰ্খাস্ত।
বৰ্খাস্ত কৰা কৰ্মচাৰী কেইজন ক্ৰমে হেমন্ত গগৈ, মানস প্রতিম গগৈ, ৰমেশ বৰা, ৰিমঝিম গগৈ, মুকুল গগৈ আৰু নিলু বাল্মিকী।
২০০৭ চনত নিযু্ক্তি পাইছিল এই কৰ্মচাৰী কেইজনে।
ইয়াৰ পূৰ্বে বক্ৰ পথৰে নিযুক্তি পোৱা নৱনীতা বৰঠাকুৰ, বিদ্যাৰ্থী বৰা আৰু অজন্তা দত্তক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল।
উল্লেখ্য যে, সদৌ অসম ছাত্ৰ সন্থাৰ কাকজান আঞ্চলিকে মহাবিদ্যালয়খনৰ কৰ্মচাৰী নিযুক্তি তথা আন্ত:গাথনিকে ধৰি বহু ক্ষেত্ৰত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক জিলা উপায়ুক্তৰ যোগেদি অভিযোগ দিছিল।