যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ তিনি কৰ্মচাৰীক বৰ্খাস্ত…

June 28, 2021 0 By Biraj Kalita

যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ তিনি কৰ্মচাৰীক বৰ্খাস্ত।

তিনিগৰাকীকৈ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে অসম কাৰিকৰী শিক্ষা সঞ্চালকে।

বক্ৰ পথৰে নিযুক্তি লাভ কৰিছিল তিনিওগৰাকী কৰ্মচাৰীয়ে।

কৰ্মচাৰী কেইগৰাকী হ’ল হ’ল প্ৰতিষ্ঠান খনৰ সহযোগী অধ্যাপক ড০ চন্দ্ৰ চুতীয়াৰ পত্নী অজন্তা দত্ত, প্ৰতিষ্ঠানখনত ঠিকা ভিত্তিত কৰ্মত নিয়োজিত অমল চন্দ্ৰ বৰাৰ জীয়ৰী বিদ্যাৰ্থী বৰা আৰু নৱনীতা বৰঠাকুৰ।

প্ৰায় পাঁচ বছৰৰ পূৰ্বে অনিয়ম সংঘটিত কৰি প্ৰদান কৰা এই নিযুক্তিৰ বিৰুদ্ধে কাকজান আঞ্চলিক ছাত্র সন্থাই এক তদন্তৰ দাবী জনাই আহিছিল যদিও কাৰিকৰী প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষই এই বিষয়টোৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰাত ছাত্র সন্থাই সমগ্র বিষয়টো জিলা উপায়ুক্ত, কাৰিকৰী সঞ্চালক, বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা সেইসময়ৰ শিক্ষা মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক অবগত কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছিল।

এই স্মাৰক পত্ৰৰ ভিত্তিতে কাৰিকৰী সঞ্চালকালয়ে কৰা তদন্তত ধৰা পৰে নিযুক্তিৰ সমগ্ৰ অনিয়ম।

যাৰ বাবে কাৰিকৰী সঞ্চালকৰ কাৰ্যালয়ে তৎকালে কাৰ্যকৰী হোৱাকৈ তিনিওগৰাকী কৰ্মচাৰীকে বৰ্খাস্ত কৰাৰ নিৰ্দেশনা জাৰি কৰে।