যোৰহাট মেডিকেল কলেজত স্বাস্থ্যমন্ত্ৰীৰ ছাডেন ভিজিট…

May 28, 2021 0 By Biraj Kalita

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বৃহস্পতিবাৰে সন্ধিয়া আকস্মিকভাৱে যোৰহাট মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন কৰে।

জিলা প্ৰশাসনৰ অজ্ঞাতে মন্ত্ৰীজনে হঠাৎ চিকিৎসা মহাবিদ্যালয় খনত উপস্থিত হৈ ক’ভিড পৰিস্থিতিৰ বুজ লয়।

হাস্পতালখনৰ আই চি ইউ, বিছনাৰ সংখ্যাৰ বুজ লোৱাৰ লগতে নিৰ্মাণ হৈ থকা বিচনা আৰু আই চি ইউ আদিৰো বুজ লয়।

ইয়াৰ লগতে তেওঁ জুন মাহত ভালে খিনি আই চি ইউ, বিচনা আদিৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলিও উল্লেখ কৰে৷

ইফালে, ক’ভিড চিকিৎসা কৰা ব্যক্তিগত চিকিৎসালয় সমূহক শীঘ্ৰে নিয়ন্ত্ৰণ কৰা হ’ব আৰু কোনেও বেছি বিল আদায় কৰিব নোৱাৰিব বুলিও স্পষ্ট কৰে মন্ত্ৰী গৰাকীয়ে।

পৰিদৰ্শন কালত তেখেতৰ লগত জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন আৰু স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

লগতে চাওকঃ

পুনৰ ৮৩ জনক আপােনজনৰ কাষৰ পৰা চিৰদিনলৈ কাঢ়ি নিলে নিষ্ঠুৰ ক’ভিডে