লক্ষাধিক টকাৰ মূল্যবান কাঠ সহ ১০ জনক আটক
November 8, 2021পূব কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত লক্ষাধিক টকাৰ মূল্যবান কাঠসহ দহ জনক কৰায়ত্ত।
দেওবাৰে পুৱতি নিশা বকলীয়াঘাট নৰ্দাৰ্ন ৰেঞ্জ বন বিভাগে ১০ জন চোৰাং ব্যৱসায়ীসহ বহু মূল্যবান কাঠ জব্দ কৰে।
এক বিশেষ সূত্ৰৰ পম খেদি এচিএফ হৰিনাথ ৰংহাঙে বন সুৰক্ষা বাহিনীৰ সহযােগত দহজন লোকক কৰায়ত্ত কৰে।
হোজাই কাৰ্বি আংলং সীমান্ত অঞ্চল ৰজাপথাৰৰ পৰা দুখন কাঠ ভৰ্তি টটা ম’বাইল জব্দ কৰে।
এ এছ ০১ বি চি ৮২১৯ আৰু এ এছ ০৮ ৬২০৪ নম্বৰৰ টাটা ম’বাইল দুখনত বৃহৎ পৰিমাণৰ কাঠ হোজাই লৈ বুলি চোৰাংকৈ নি আছিল বুলি জানিব পৰা গৈছে।