লগৰীয়া সৈতে নদীত গা ধুবলৈ গৈ নিখােজ দশম শ্ৰেণীৰ ছাত্ৰ
October 16, 2021নিউজ ডেস্ক। বিজয়া দশমীৰ দিনাই বিহপুৰীয়াত অঘটন।
সমনীয়াৰ সৈতে গা ধুবলৈ গৈ নিখোজ তেজপুৰৰ জ্ঞান ভাৰতী পাব্লিক স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ আশীষ চেত্ৰী।
জানিব পৰা মতে, তেজপুৰৰ বিহগুৰিৰ শিৱপ্ৰসাদ চেত্ৰী আৰু জুনু চেত্ৰীৰ পুত্ৰ আশীষ চেত্ৰীয়ে মোমায়েকৰ ঘৰত দুৰ্গা পূজাৰ পৰম্পৰা ৰক্ষা কৰি ফোঁট ল’বলৈ আহি সমনীয়াৰ সৈতে ডিক্ৰং নদীত গা ধুবলৈ যায়।
কিন্তু দুৰ্ভাগ্যবশতঃ নদীখনত নিখোজ হয় ১৫ বছৰীয়া আশীষ চেত্ৰী।
এই ঘটনাই পৰিয়ালটোৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।
বাতৰি যুগুতােৱালৈকে সন্ধানহীন কিশােৰজনৰ কােনাে সম্ভেদ লাভ কৰা নাই উদ্ধাৰকাৰী দলে।