লজ্জাজনক! শাহুৱেকক ধৰ্ষণ কৰাৰ অভিযোগ জোঁৱায়েকৰ বিৰুদ্ধে, আটক অভিযুক্ত ভূপেন…
July 11, 2021গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা।
ঘৰত কোনো নথকাৰ সূযোগ লৈ শাহুৱেকক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে জোঁৱায়েকৰ বিৰুদ্ধে।
শুকুৰবাৰে দুপৰীয়া মহানগৰীৰ নুনমাটিত সংঘটিত হৈছে এই জঘন্য কাণ্ড।
অভিযোগৰ ভিত্তিত ইতিমধ্যে ভঙাগড়ৰ পৰা আটক কৰা হৈছে অভিযুক্ত জোঁৱাই ভূপেন ডেকাক।
ঘটনা সন্দৰ্ভত জোঁৱায়েক ভূপেন ডেকাৰ বিৰুদ্ধে পাণবজাৰ মহিলা থানাত ৰুজু হৈছিল এটা গোচৰ।
উক্ত গোচৰৰ ভিত্তিত পাণবজাৰ মহিলা থানাৰ এ চি পি ভনীতা দাসৰ নেতৃত্বত অভিযান চলাই ভঙাগড়ত আত্মগোপন কৰি থকা অভিযুক্ত ভূপেন ডেকাক আটক কৰা হৈছে।
আজি আদালতত হাজিৰ কৰোৱা হ’ব ভূপেন ডেকাক।