লাইনচ্যুত হ’ল পেচেঞ্জাৰ ৰে’ল, কথমপি প্ৰাণৰক্ষা বহু যাত্ৰীৰ

October 11, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক সম্ভাব্য অঘটনৰ পৰা ৰক্ষা পৰিল মহানগৰীৰ চন্দ্ৰপুৰ অঞ্চল। যাত্ৰাপথৰে লাইনচ্যুত হ’ল এখন পেচেঞ্জাৰ ৰে’ল।

মহানগৰীৰ চন্দ্ৰপুৰত দেওবাৰে সংঘটিত হৈছে এই দুৰ্ঘটনা।

এখন যাত্ৰীবাহী ৰে’লৰ দবা লাইনচ্যুত হৈ পৰে।

এই সম্ভাব্য দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে উজনিমুৱা কপিলী ফাষ্টপেচেঞ্জাৰ ট্ৰেইনখন।

কপিলী ফাষ্টপেচেঞ্জাৰ ট্ৰেইনখনে চন্দ্ৰপুৰৰ পাণবাৰী ষ্টেচনৰ প্লেটফ’ৰ্ম পোৱাৰ আগত হঠাৎ এটা ভীষণ শব্দ কৰি লাইনচ্যুত হৈ পৰে।

লগে লগে ট্ৰেইনখনৰ চালকজনে ট্ৰেইনখন ৰখাই দিয়ে আৰু ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে।

পিছত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দুৰ্ঘটনাত সহায় কৰা বিশেষ বাহনসহ কাৰিকৰী দিশৰ লোক ঘটনাস্থলীত উপস্থিত হৈ লাইচ্যুত হোৱা ডবাটো পুনৰ কাৰ্যক্ষম কৰাৰ বাবে যুদ্ধকালীন প্ৰস্তুতিৰে কাম কৰে।