লাভলীনা বৰগোহাঁইলৈ শুভেচ্ছাৰে গুৱাহাটীত ‘গ’ ফ’ৰ গ্ল’ৰী লাভলীনা’ শীৰ্ষক চাইকেল ৰেলী…
July 21, 2021লাভলীনা বৰগোহাঁইক শুভেচ্ছা জনাবলৈ গুৱাহাটীত বিশেষ কাৰ্যসূচী
লাভলীনা বৰগোহাঁইলৈ শুভেচ্ছাৰে গুৱাহাটীত চাইকেল ৰেলী।
দিছপুৰ লাষ্টগেট’ৰ পৰা নেহৰু ষ্টেডিয়ামলৈ এই ৰেলী।
‘গ’ ফ’ৰ গ্ল’ৰী লাভলীনা’ শীৰ্ষক চাইকেল ৰেলীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও মন্ত্ৰী, বিধায়কৰ।
লাভলীনা বৰগোহাঁই উৎসাহিত কৰিবলৈ উলিওৱা হয় এই বিশেষ চাইকেল ৰেলী।
সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত উলিওৱা হয় এই ৰেলী।
এই অনুষ্ঠানত লাভলীনাৰ পিতৃ-মাতৃও উপস্থিত থাকে।
এই চাইকেল ৰেলীত অংশ গ্ৰহণ কৰে বিধায়ক অখিল গগৈয়েও।
উল্লেখ্য যে, টকিঅ’ অলিম্পিক গ্ৰাউণ্ডত উপস্থিত হৈছে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰৰ জীয়ৰী তথা বক্সাৰ লাভলীনা বৰগোঁহাই।
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী কয় যে, এইবাৰ টকিঅ’ অলিম্পিকত বক্সিং প্ৰতিযোগিতাত লাভলীনাই ভাৰতক প্ৰতিনিধিত্ব কৰিব৷ লাভলীনাই হৈছে অলিম্পিকত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া৷
With a vision to support & motivate 'Assam's daughter' ace boxer @LovlinaBorgohai who is representing India at the @Tokyo2020, I launched a goodwill campaign 'Go For Glory, Lovlina' which started with a bicycle rally at #Guwahati today. 1/4 pic.twitter.com/SF6d7FIYCm
— Himanta Biswa Sarma (@himantabiswa) July 21, 2021
লাভলীনাই হৈছে দ্বিতীয় গৰাকী মহিলা বক্সাৰ আৰু অসমীয়া হিচাপে অলিম্পিকলৈ যোৱা প্ৰথম গৰাকী অসমীয়া জীয়ৰী৷ লাভলীনাক আশীৰ্বাদ তথা উৎসাহ দিয়াৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।