লুৰিণজ্যোতি গগৈয়ে মুছলমানৰ ভৰিত ধৰিছে, তেওঁ লাচিতৰ নামত ভণ্ডঃ সত্যৰঞ্জন বৰা
December 23, 2020এইবাৰ অসম জাতীয়া পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ তথা অসম জাতীয় পৰিষদৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই।
গুৱাহাটী পৌৰ নিগমত মুখ্য কাৰ্যালয়ত উপস্থিত অসম জাতীয় পৰিষদ সন্দৰ্ভটো মন্তব্য প্ৰকাশ কৰে বৰাই।
সত্যৰঞ্জন বৰাই কয়- ‘লুৰিণে নিজকে লাচিত বুলি কয়। লাচিতে মোগলক খেদিছিল কিন্তু লুৰিণ জ্যোতিয়ে প্ৰথম দিনাই দৰগাহত গৈ আল্লৰ দোৱা বিছাৰিছে । তাৰমানে আকৌ মুছলমানৰ ভৰিত ধৰিছে। তেওঁ লাচিতৰ নামত ভণ্ড।’
তেওঁ লগতে কয়- অসম জাতীয় পৰিষদে বাংলাদেশৰ নিচিনাকৈ পতাকা বনাইছে।