লোমহৰ্ষক ঘটনা! ছাগলীয়ে খেতি নষ্ট কৰাৰ বাবেই দুটি শিশুক হত্যা কৰি দলিয়ালে নদীত…

June 11, 2021 0 By Biraj Kalita

এক লোমহৰ্ষক ঘটনা!

ছাগলীয়ে খেতি নষ্ট কৰাৰ প্ৰতিশোধত দুটি শিশুক হত্যা কৰি দলিয়ালে নদীত।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ আৰক্ষী থানাৰ অন্তৰ্গত বেৰাভাঙা চৰত সংঘটিত হৈছে এই ঘটনা।

একেটা পৰিয়ালৰ দুই ভাই–ককায়ে ডিঙি চেপি দুটি শিশুক হত্যা কৰি নদীত দলিয়াই দিয়াৰ অভিযোগ উৎথাপিত হৈছে।

উল্লেখযোগ্য যে উক্ত দুটা পৰিয়ালৰ মাজত গৰু আৰু ছাগলীয়ে খেতি নষ্ট কৰাক কেন্দ্ৰ কৰি আৰম্ভ হৈছিল কাজিয়া৷

উক্ত কাজিয়াৰ চৰম পৰিণতিত আলিউল ইছলাম, ছইদুৰ ইছলাম আৰু আঞ্জুআৰা বেগমে মিলি শিশু দুটাক হত্যা কৰি নৈত পেলাই দিয়ে বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে।

ঘটনাস্থলীত শুখচৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে।

কিন্তু আৰক্ষী অহাৰ পূৰ্বেই অভিযুক্ত ছাইদুৰ ইছলাম নামৰ লোকজনৰ ঘৰত থকা মটৰ চাইকেলত অগ্নিসংযোগ কৰে উত্তেজিত ৰাইজে৷

উল্লেখযোগ্য যে মৃত শিশু দুটিৰ বয়স দহ আৰু বাৰ বছৰ আছিল বুলি জানিব পৰা গৈছে।