শতবছৰ গৰকিবলৈ মাত্ৰ ৪৮টা দিন বাকী থকা সময়তে মৃত্যু মুক্তিযোদ্ধাৰ

August 19, 2021 0 By NEWS DESK

নিউজ ডেস্ক। শতবছৰ গৰকিবলৈ মাত্ৰ ৪৮টা দিন বাকী থকা সময়তে মৃত্যু বৰণ কৰিলে নাৰায়ণপুৰৰ এগৰাকী মুক্তি যোদ্ধাই।

লখিমপুৰ নাৰায়ণপুৰৰ মুক্তিযোদ্ধা চিদানন্দ দত্তৰ বিয়োগ।

দীৰ্ঘদিন ধৰি বাৰ্ধক্য কাৰণত শয্যাগত হৈ থকাৰ অন্তত সোমবাৰে বিয়লি নিজ বাসগৃহতে মৃত্যু বৰণ কৰে মুক্তিযোদ্ধাগৰাকীয়ে।

শতবৰ্ষ গৰিকবলৈ মাত্ৰ ৪৮টা দিনহে বাকী আছিল মুক্তিযোদ্ধাগৰাকীৰ।

১৯২১ চনত যোৰহাট জিলাৰ বালিগাঁৱত জন্মগ্ৰহণ কৰা প্ৰয়াত চিদানন্দ দত্তৰ পৰিয়াল ১৯৪২ চনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰ সমীৱৰ্তী শিঙিয়াগাঁৱলৈ উভতি আহিছিল।

সেইসময়ত দেশৰ স্বাধীনতা সংগ্ৰামৰ ভৰপক আছিল। অষ্টম শ্ৰেণীত অধ্যয়ন কৰি থাকোতেই নাৰায়ণপুৰলৈ উভতি আহি স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল দত্ত।

পৰৱৰ্তী সময়তত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰতভাৱে জড়িত হৈ পৰিছিল প্ৰয়াত চিদানন্দ দত্ত।

মৃত্যু পৰ্যন্ত মুক্তিযোদ্ধা পেঞ্চন লাভ কৰি আছিল চিদানন্দ দত্তই। তেওঁৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁই বিৰাজ কৰিছে।