শতায়ু গৰকা বৃদ্ধৰ বেংক একাউন্টৰ পৰা ধন হৰলুকি!

September 12, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এইবাৰ হেকাৰৰ চকু পৰিল এগৰাকী শতায়ু গৰকা বৃদ্ধৰ বেংক একাউন্টৰ ওপৰত।

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীজনৰ একাউন্টৰ পৰা অন্তৰ্ধান হ’ল আঢ়ৈ লক্ষ টকা।

এই ঘটনাৰ স্থান নগাঁও জিলাৰ জুৰীয়া।

জানিব পৰা মতে, পঞ্জাৱ নেশ্যনেল বেংকৰ একাউণ্টৰ পৰা হেকাৰে লুটি নিলে দুই লাখ পঞ্চাশ হাজাৰ টকা।

নগাওঁ জিলাৰ জুৰীয়া থানাৰ অন্তৰ্গত আলিতামুলী গাঁৱৰ মহম্মদ আলী ফৰাজী নামৰ ১০০ বছৰীয়া বৃদ্ধাই অভিযোগ কৰামতে যোৱা ৬ মাহ ধৰি তেওঁৰ পেঞ্চনৰ টকাৰ লগতে জমা ধন পৰ্যায় ক্ৰমে ২ লাখ ৫০ হাজাৰ টকা কোনো দুষ্ট চক্ৰই লুটি নিয়ে।

জুৰীয়া পঞ্জাৱ নেশ্যনেল বেংকৰ গ্ৰাহক মহম্মদ আলী ফৰাজীয়ে বেংক কৰ্তৃপক্ষক ঘটনাৰ বিষয়ে কেইবাৰো অবগত কৰাৰ পাছতো কোনো সুফল নোপোৱাত জুৰীয়া আৰক্ষী থানাত লিখিত এজাহাৰ দাখিল কৰি উচিত তদন্তৰ দাবী জনায়।