শােকাৱহ! কৰ্তব্যৰত অৱস্থাতে ঢলি পৰিল অসম আৰক্ষীৰ কমাণ্ডাে বাহিনীৰ জােৱান, মৃত্যু
February 12, 2022নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।
কৰ্তব্যৰত অৱস্থাতে ঢলি পৰি মৃত্যু হ’ল অসম আৰক্ষীৰ কমাণ্ডাে বাহিনীৰ জােৱানৰ।
এই ঘটনাৰ স্থান কাছাৰ জিলাৰ অসম-মিজােৰাম সীমান্তৱৰ্তী ধলাই।
মৃত জােৱানজন অসম আৰক্ষীৰ ৭ম কমাণ্ডো বাহিনীৰ হাবিলদাৰ উদ্ধৱ দাস।
জানিব পৰা মতে, মিজোৰাম সীমান্তৰ লাইলাপুৰত সীমা বিবাদৰ সময়ত নিয়োজিত ৫৪ বছৰীয়া হাবিলদাৰজন বৃহস্পতিবাৰে নিশা কাছাৰৰ এছ পি ৰমন দীপ কৌৰৰ সৈতে ধলাইলৈ গৈছিল।
স্থানীয় নৃপেন সিংহ নামৰ এজন হেণ্ডিমেনৰ মিজোৰামৰ জে’লত মৃত্যু হোৱাৰ প্ৰতিবাদত ধলাইত ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰি মৃতদেহ চমজি নোলোৱাৰ বাবে প্রতিবাদ কৰিছিল স্থানীয় লোকে।
প্রতিবাদস্থলীত এছ পিৰ লগত কর্তব্যৰত অৱস্থাত আছিল হাবিলদাৰ উদ্ধৱ দাস।
তেনে সময়তে কর্তব্যস্থলীতে হঠাতে অসুস্থ হৈ পৰে তেওঁ।
লগে লগে হাবিলদাৰ উদ্ধৱ দাসক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
ইফালে, মেডিকেলত হাবিলদাৰ উদ্ধৱ দাসৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ পাছত শুকুৰবাৰে কাছাৰ আৰক্ষীৰ ৰিজাৰ্ভ কার্যালয়লৈ অনা হয়।
তাত উদ্ধৱ দাসৰ মৃতদেহৰ প্রতি শেষ শ্রদ্ধা জনোৱাৰ লগতে ‘গার্ড অৱ অনাৰ’ জনোৱা হয়।
মৃতদেহৰ প্রতি শেষ শ্রদ্ধা জনায় দক্ষিণ অসমৰ ডিআইজি কংকণ জ্যোতি শইকীয়া, এছ পি ৰমন দীপ কৌৰসহ আৰক্ষী বিষয়াসকলে।
হাবিলদাৰ জনৰ মৃতদেহ তেওঁৰ জন্মভূমি বৰপেটাৰ পাটাছাৰকুচিৰ বৰিগাঁৱলৈ প্ৰেৰণ কৰা হয়।