শােকাৱহ! খেতিপথাৰৰ পৰা ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনাত মৃত্যু ট্ৰেক্টৰ চালক যুৱকৰ

May 1, 2022 0 By NEWS DESK

নিউজ ডেস্ক। মৰিগাঁও জিলাৰ লাহৰিঘাট আৰক্ষী চকীৰ অন্তৰ্গত কুশতলিত ভয়ানক পথ দূৰ্ঘটনা।

মৰিগাঁও- বগলীপাৰ সংযোগী গড়কাপ্তানী পথৰ কুশতলি অঞ্চলত দুৰ্ঘটনাত পতিত হয় ট্ৰেক্টৰ।

জানিব পৰা মতে, লাহৰিঘাট আৰক্ষী থানাৰ অন্তৰ্গত বগলীপাৰৰ ইছলাম উদ্দিন নামৰ এগৰাকী ২১ বছৰীয়া যুৱকে পথাৰত মাটি চহাই নিজা ট্ৰেক্টৰেৰে ঘৰলৈ ওভতিছিল।

সেই সময়তে কুশতলিৰ সমীপত ট্ৰেক্টৰ খনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষৰ বিলত বাগৰি পৰে। এই দুৰ্ঘটনাত ট্ৰেক্টৰখনে যুৱকজনক হেঁচি ধৰাত গুৰুতৰভাৱে আহত হয়।

উল্লেখযোগ্য যে প্ৰায় এঘণ্টা মান সময় একে ঠাইতে পৰি ৰোৱাৰ পিছতহে ঘটনাটো স্থানীয় ৰাইজৰ দৃষ্টিগোচৰ হয়।

পিছত লাহৰিঘাট আৰক্ষী থানাৰ আৰক্ষী আহি ট্ৰেক্টৰ সহিত যুৱক জনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও আদবাটতে যুৱকজনৰ মৃত্যু ঘটে।

যুৱকজনৰ এনে অকাল মৃত‍্যুত পৰিয়াল পৰিজনৰ লগতে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।

লগতে চাওকঃ

মৰ্মান্তিক! কৰ্মস্থলীৰ পৰা ঘৰলৈ ওভতাৰ পথত ভাগি পৰা গছৰ ডালৰ আঘাতত গৰ্ভৱৰ্তী মহিলাৰ মৃত্যু