শােকাৱহ! গছত খুন্দিয়াই ২ বাইক আৰোহী যুৱকৰ মৃত্যু
March 29, 2022নিউজ ডেস্ক। চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তগর্ত ঐতিহাসিক ধোদৰআলিৰ লক্ষীমপাম গাঁৱত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
জানিব পৰা মতে, জিলাখনৰ বৰহাটৰ দুজন বাইক আৰোহীয়ে সাপেখাতীৰ দিশৰ পৰা ঘৰলৈ বুলি তীব্র বেগত গৈ থকা অৱস্থাতে নিয়ন্ত্রণ হেৰুৱাই পথৰ কাষৰ এজোপা গছত তীব্র বেগত খুন্দা মাৰে।
দুর্ঘটনাস্থলীতে বৰহাটৰ শুভ্রজিৎ গগৈ (২৪)ৰ মৃত্যু হয় আৰু বৰহাটৰ মিছাজানৰ অনুপ বুঢ়াগোহাঁই গুৰুতৰভাৱে আহত হয়।
স্থানীয় ৰাইজে তৎক্ষণাত চিকিৎসাৰ বাবে সাপেখাতী খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসালয়লৈ নিয়াৰ পথতে অনুপ বুঢ়াগোহাঁই (২২)ৰো মৃত্যু হয়।
ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু দুর্ঘটনাত পতিত এ এছ ০৪-ইউ ৭৭৪ নম্বৰ মটৰ বাইকখন জব্দ কৰিছে।