শােকাৱহ! চলন্ত গাড়ীৰ ওপৰত শুকান গছ বাগৰি মৃত্যু টি এম পি কে নেতাৰ ৰুষ্টম দলেৰ

March 8, 2022 0 By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনাত অকালতে মৃত্যু টিএমপিকে নেতাৰ।

চলন্ত বাহনৰ ওপৰত হঠাতে পথৰ দাঁতিৰ শুকান গছ বাগৰি পৰি সংঘটিত হয় এই ঘটনা।

এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ স্থা জোনাই মহকুমাৰ লাইমেকুৰীৰ ৰাকুট ককে সমীপত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ।

সােমবাৰে চিমেন চাপৰি থানাৰ অন্তৰ্গত ৰামধন দিখাৰী গাঁৱৰ ফুলকণ দলেৰ একমাত্র পুত্র ৰুষ্টম দলেয়ে নিজৰ ৱাগনআৰ গাড়ীখনেৰে চিকাৰী গাঁৱৰ পৰা ঘৰলৈ উভতি গৈ থকা সময়ত লাইমেকুৰীৰ ৰাকুট ককেৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড শুকান গছ এডাল চলন্ত গাড়ীৰ ওপৰত পৰে।

এই ঘটনাত বিধ্বস্ত হৈ পৰে বাহনখন, লগতে চালকৰ আসনত থকা ৰুষ্টম দলেৰ থিতাতে মৃত্যু হয়।

গছজোপা বাহনখনৰ ঠিক চালকৰ আসনৰ ওপৰত পৰাৰ ফলত ৰুষ্টম দলেৰ মূৰ, মুখমণ্ডলত বেয়াকৈ জখম হৈ থিতাতে তেওঁ কৰুণভাৱে মৃত্যুক আঁকোৱালি লয়।

মৃত্যুৰ সময়ত তেওঁ পত্নী, দুজন পুত্র সন্তান, এজন মোমায়েকক ইহ-সংসাৰত এৰি থৈ গৈছে।

উল্লেখ্য যে জোনাই মহকুমাত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বহু অংগত ডাঙৰ ডাঙৰ শুকান গছ-গছনি থকা বাবে এনে দুৰ্ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ আশংকা প্ৰকাশ কৰিছে সচেতন মহলে।