শােকাৱহ! চলন্ত বাহনত গছ বাগৰি থিতাতে নিহত দুজন আৰােহী

February 26, 2022 0 By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

চলন্ত বাহনৰ ওপৰতে বাগৰি পৰিল প্ৰকাণ্ড গছ। থিতাতে মৃত্যু ঘটিল দুই আৰােহীৰ।

এই ঘটনাৰ স্থান জাগীৰোডৰ আমলিঘাট।

শুকুৰবাৰে নিশা অহা ধুমুহ-বৰষুণৰ মাজত চলন্ত গাড়ীৰ ওপৰত এজোপা প্ৰকাণ্ড গছ বাগৰি থিতাতে নিহত হয় দুজন লোক।

এএছ ০২ ভি ৯৭২৩ নম্বৰৰ আই-২০ বাহনখনে নগাঁৱৰ পৰা জাগীৰোডলৈ আহি থকা অৱস্থাতে সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোত নিহত হোৱা এজন লোক জাগীৰোডৰ কৃষ্ণ বাহাদুৰ ঠাকুৰী বুলি জানিব পৰা গৈছে।

আনজনক জীৱ পাল বুলি জানিব পৰা গৈছে যদিও তেওঁৰ সম্পূৰ্ণ ঠিকনা জানিব পৰা হোৱা নাই।

উল্লেখ্য যে জাগীৰোডৰ গণেশপাৰাৰ নিবাসী কৃষ্ণ বাহাদুৰ ঠাকুৰী নগাঁৰ এটা এছবিআই শাখাৰ কৰ্মচাৰী আছিল।

দুৰ্ঘটনাটোত বাহনখন বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হয়।