শােকাৱহ! চােৰাং কাঠ কঢ়িওৱা ট্ৰেক্টৰৰ খুন্দাত বিধৱা মহিলাৰ মৃত্যু

September 16, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। ট্ৰেক্টৰৰ খুন্দাত মৃত্যু এগৰাকী বিধৱা মহিলাৰ।

এই ঘটনাৰ স্থান কোকৰাঝাৰ জিলাৰ বালাজান আৰক্ষী চকীৰ অন্তৰ্গত ডিয়াঝিজুৰী।

বুধবাৰে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাৰ ফলত ভটীয়াপাৰাৰ সুলু নাথ নামৰ বিধৱা এগৰাকী মহিলা নিহত হয়।

অবৈধভাৱে কাঠ কঢ়িয়াই অনা এখন ট্ৰেক্টৰে সুলু নাথক খুন্দিওৱাৰ ফলতে বিধৱা মহিলা গৰাকী গুৰুতৰভাৱে আহত হয় আৰু চিকিৎসালয়ত ভৰ্তি কৰায় যদিও কিছু সময় পিছতে মহিলাগৰাকীৰ মৃত্যু হয়।