শােকাৱহ! ট্ৰাকৰ পৰা লোৰ বৃহৎ পাইপ পৰি শ্ৰমিকৰ মৃত্যু

September 12, 2021 0 By NEWS DESK

নিউজ ডেস্ক। গহপুৰৰ বাদল পথাৰস্থিত অইলৰ পাইপ বহুওৱা কাৰ্যালয়ত অইলৰ পাইপ ট্ৰাকৰ পৰা পৰি এজন শ্ৰমিক থিতাতে নিহত হয়।

তেল পৰিবাহী বৃহৎ লোৰ পাইপ ট্ৰাকৰ পৰা নমাই থকা অৱস্থাতে পাইপ বাগৰি পৰি মৃত্যু ঘটে এজন শ্ৰমিকৰ।

মৃত শ্ৰমিক গৰাকী উত্তৰ প্ৰদেশৰ অমৃত কুমাৰ সিং বুলি জানিব পৰা গৈছে।

আনফালে, উক্ত দুৰ্ঘটনাটোত পথটোৰে যোৱা এগৰাকী বাইক আৰোহীও সামান্যভাৱে আঘাটপ্ৰাপ্ত হৈছে বুলি প্ৰত্যক্ষ দৰ্শীয়ে জনায়।

মৃত শ্ৰমিকজনৰ মৃতদেহ গহপুৰ অসামৰিক চিকিৎসালয়ত ৰখা হৈছে।

ঘটনা সন্দৰ্ভত ইতিমধ্যে গহপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।