শােকাৱহ পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যু
November 20, 2021নলবাৰী চহৰৰ শান্তিপুৰ নিবাসী ৰমেধাৱী যুৱক জিণ্টুমণি ভাগৱতী(৩১)ৰ শুকুৰবাৰে আবেলি এটা পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু ঘটে।
জানিব পৰা মতে, নলবাৰীৰ এমএনচি বালিকা বিদ্যাপীঠৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰয়াত ভৱানীপ্ৰসাদ ভাগৱতীৰ কনিষ্ঠ পুত্ৰ জিণ্টুমণি ভাৱতীয়ে পুৱা নিজৰ বাইকেৰে হোজাইৰ বন্ধুৰ ঘৰলৈ ফুৰিবলৈ গৈছিল।
পূৰ্বে হাইলাকান্দিৰ পাৱাৰ গ্ৰীড ছাব ষ্টেচনত ইনচাৰ্জ হিচাপে কাম কৰা জিণ্টুৱে দুপৰীয়া হোজাইত আহাৰ গ্ৰহণ কৰি বন্ধুৰ সৈতে বাইকেৰে উমৰাংচুত চলি থকা ফেলকন উৎসৱলৈ গৈ থকা অৱস্থাত এগৰাকী পথচাৰীক বচাবলৈ গৈ দুৰ্ঘটনাত পতিত হয়।
গুৰুতৰভাৱে আহত যুৱকজনক লগে লগে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁৰ মৃত্যু ঘটা বুলি ঘোষণা কৰি।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল