শােকাৱহ! বজ্ৰপাতত ২ মহিলাসহ ৩ জনৰ মৃত্যু, আহত শিশুসহ ৪

July 24, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যত বজ্ৰপাতত পুনৰ প্ৰাণহানি ৩ জনৰ।

এইবাৰ ঘটনাৰ স্থাত গােৱালপাৰা জিলাৰ দুধনৈ।

জানিব পৰা মতে, দুধনৈ থানাৰ অন্তৰ্গত আমজোঙাৰ শালপাৰা প্ৰথম খণ্ডত শুকুৰবাৰে বিয়লি বজ্ৰপাতত দুগৰাকী মহিলাৰ মৃত্যু হয়।

পথাৰত কাম কৰি থকাৰ সময়তে বজ্ৰপাতত ৰণোতী বড়ো (৬৪) আৰু নামেশ্বৰী খাখলাৰী (৭০)মৃত্যুমুখত পৰে।

ইপিনে, আহত হয় শিশুসহ তিনিগৰাকী।

আহতসকল হ’ল অজিত খাখলাৰী (২৮), প্ৰতিমা খাখলাৰী (৪৮) আৰু পাঁচবছৰীয়া জোন খাখলাৰী।

ইপিনে, ধূপধৰাতো দুটাকৈ অঞ্চলত বজ্ৰ পৰি এগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে এগৰাকী কিশোৰী আহত হয়।

বিয়লিৰ ভাগত ধূপধৰা অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ মাজতে বজ্ৰ পৰাত ধূপধৰাৰ পিপলিবাৰীত ৰথাৰত কাম কৰি থকা কমল কলিতা নামৰ খেতিয়কগৰাকীৰ থিতাতে মৃত্যু হয়।

তেওঁক ততাতৈয়াকৈ পৰিয়ালৰ লোকে বিকালী আদৰ্শ চিকিৎসালয়লৈ নিয়ে যদিও ইতিমধ্যে কমল কলিতাৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে।

আনহাতে, ধূপধৰাৰ জ্যোতিগাঁৱত ঘৰৰ ওপৰত বজ্ৰ পৰাত আহত হয় এগৰাকী কিশোৰী। প্ৰাথমিক চিকিৎসাৰ পিছত সুস্থ হৈ উঠে কিশোৰীগৰাকী।