শিক্ষকক ৫০ লাখ টকা দাবী কৰি ৰঙাঘৰৰ আলহী হ’ল যুৱক

August 1, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

এজন শিক্ষকক ধন দাবী কৰাৰ লগতে হত্যাৰ ভাবুকি দি আৰক্ষীৰ জালত পৰিছে এজন যুৱক।

নগৰবেৰা আৰক্ষীয়ে আলোপতি আৰক্ষীৰ সহযোগত অতি কৌশলৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযুক্ত ছানিদুল ইছলাম (২১) নামৰ যুৱকজনক।

ধৃত ছানিদুল ইছলামৰ ঘৰ বৰপেটা জিলাৰ আলোপতি আৰক্ষী থানাৰ অন্তৰ্গত বাঘমাৰাচৰ গাঁৱত।

জানিব পৰা মতে, নগৰবেৰাৰ সৰু কালুবাৰীৰ শিক্ষক দুলাল চন্দ্ৰপাঠকক ছানিদুল ইছলাম নামৰ যুৱকজনে ২১ জুলাইত ৯৭০৭৫-৫৯৯১৫ নম্বৰৰ পৰা ফোন কৰি ৫০ লাখ টকা দাবী কৰাৰ লগতে ধন আদায় নিদিলে হত্যাৰো ভাবুকি দিছিল।

ঘটনা সন্দৰ্ভত শিক্ষক দুলাল চন্দ্ৰ পাঠকে এজাহাৰ দাখকিল কৰে।

ভাবুকি পোৱাৰ পাছতে ভয় আৰু শংকিত হৈ শিক্ষকজনে আত্মগোপন কৰি আছিল।

শনিবাৰে নগৰবেৰা আৰক্ষীয়ে বৰপেটাৰ আলোপতি আৰক্ষীৰ সহযোগত বাঘমাৰাচৰৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্ত যুৱকজনক।