শিক্ষামূলক ভ্ৰমণলৈ যােৱা বাছৰ খুন্দাত চাইকেল আৰোহীৰ মৃত্যু

December 19, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বাক্সাৰ নাগ্ৰীজুলিত কলেজ ৰোডত এক ভয়ংকৰ পথ দুৰ্ঘটনা।

শিক্ষামূলক ভ্ৰমণৰ বাবে যাত্ৰা কৰা এখন তীব্ৰ বেগী বাছৰ খুন্দাত থিতাতে নিহত হয় এজন লোক।

লোকজনে চাইকেল চলাই আহি থাকোঁতেই এএছ১৫এ চি১০৪০ নম্বৰৰ আল্ট্ৰা বাছ এখনে খুন্দা মাৰে।

উক্ত বাছখন বৰপেটা জিলাৰ বালিকুৰি আঞ্চলিক হাইস্কুলৰ পৰা তামুলপুৰ ওদালগুৰি পথেৰে ভূটান সীমান্তৰ বগামাটিলৈ গৈ আছিল।

দুৰ্ঘটনাটোৰ পিছতেই বাছখনত থকা ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকল কথমপি ৰক্ষা পৰে।

ঘটনাস্থলীত উপস্থিত হয় তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতা।

আৰক্ষীয়ে মৃতদেহটো তামুলপুৰ আৰক্ষী থানালৈ লৈ যায়।

লগতে চাওকঃ

আবেগিক মুহূৰ্ত! বিবাহ অনুষ্ঠানত প্ৰয়াত মাতৃৰ ফটো বুকুত সাৱটি প্ৰৱেশ কইনাৰ