শিক্ষাৰ্থীৰ ফলাফল আৰু ৫নং দফাঃ আছুৰ সমানে মাত মাতিলে নিখিল ৰাভা ছাত্ৰ সন্থাই…
July 5, 2021মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ নতুন মূল্যায়ন নীতিক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ সমান্তৰালকৈ অসন্তুষ্টি ব্যক্ত কৰিছে ৰাজ্যৰ বিভিন্ন দল সংগঠনে।
মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল আৰু ৫নং দফা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিখিল ৰাভা ছাত্ৰ সন্থাই।
গোৱালপাৰাৰ দুধনৈত সংবাদমেল পাতি ৫ নং দফা বৰ্জনৰ দাবী তুলিলে সংগঠনটোৱে।
নতুন মূল্যায়ন নীতিয়ে অভিভাৱকসকলক শংকিত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকল মানসিকভাৱে ভাগি পৰিব বুলি দাবী কৰে সংগঠনটোৰ নেতৃবৰ্গই।
৫ নং দফাটো বাদ দিয়া নতুবা সংশোধন কৰি ছাত্ৰ-ছাত্ৰীক সুৰক্ষিত ভবিষ্যত গঢ়াৰ সুযোগ দিবলৈ ৰাজ্য চৰকাৰৰ লগতে শিক্ষা বিভাগক আহ্বান জনায় সংগঠনটোৰ নেতৃত্বই।
লগতে পৰীক্ষা অনুষ্ঠিত কৰাৰ সময় দীঘলীয়া হৈ গৈ থাকিলে ছাত্ৰ-ছাত্ৰীসকল অধিক জটিলতাৰ সন্মুখীন হোৱাটো নিশ্চিত বুলিও মন্তব্য কৰে সংগঠনটোৱে।