শিক্ষয়িত্ৰী-সমাজ সেৱিকা প্ৰণীতা গোস্বামীৰ দেহাৱসান

June 23, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ নহিৰা-গুঁইমাৰা আঞ্চলিক হাইস্কুলৰ শিক্ষয়িত্ৰী তথা সমাজ সেৱিকা প্ৰণীতা গোস্বামী (৫২)ৰ দেহাৱসান।

প্ৰয়াত শিক্ষয়িত্ৰীগৰাকী বাটৰহাট গোসাঁই মেধিপাৰা নিবাসী সমাজকৰ্মী তথা সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনৰ পলাশবাৰী সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী পংকজলোচন গোস্বামীৰ সহধৰ্মিণী।

জটিল ৰোগত আক্ৰান্ত হৈ দিল্লীৰ গংগাৰাম হাস্পতালত চিকিৎসাধীন অৱস্থাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

গোস্বামীৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।

জানিব পৰা মতে, কেইবাদিন পূৰ্বে নেমকেয়াৰ হাস্পতালত তেওঁক ভৰ্তি কৰোৱা হৈছিল।

পিছত উন্নত চিকিৎসাৰ বাবে বিশেষ বিমানেৰে নি যোৱা ২০ জুনৰ বিয়লি তেওঁক দিল্লীস্থিত গংগাৰাম হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

মৃদুভাষী, অতিথিপৰায়ণ, সদা হাস্যমুখী, সমাজসেৱিকা প্ৰণীতা গোস্বামীয়ে অৱশেষত চিকিৎসাধীন অৱস্থাতে মৃত্যুক আকোঁৱালি লয়।