শিমলীতোলাৰ পৰা অপহৃত কিশোৰী ভাৰত-ভূটান সীমান্তৰ পৰা উদ্ধাৰ আৰক্ষীৰ

July 25, 2021 0 By Biraj Kalita

নিউজ ডেস্ক। এক চাঞ্চল্যকৰ অপহৰণকাণ্ড। কাহিলি পুৱাতে অপহৃত প্ৰাতঃ ভ্ৰমণলৈ যােৱা ১৭ বছৰীয়া কিশােৰী।

এই ঘটনা সংঘটিত হৈছে গােৱালপাৰা জিলাৰ ৰংজুলি থানাৰ এলেকাধীন শিমলীতােলাত।

জানিব পৰা মতে, অন্য দিনৰ দৰেই এগৰাকী স্থানীয় যুৱতী যোৱা বৃহস্পতিবাৰেও কাহিলি পুৱাতে দৌৰিবলৈ ওলাই যায়।

ইয়াৰ পাছতে বীৰ লামা নামৰ গোৱালপাৰা জিলাৰ মৰনৈ থানাৰ অন্তৰ্গত মিলনপাৰা গাঁৱৰ এজন লোকে এ এছ-০১ পি-৪০৮১ নম্বৰৰ মাৰুতি জেন বাহনত শিমলীতোলাৰ পৰা কিশোৰীগৰাকীক অপহৰণ কৰি লৈ যায়।

বিয়লিলৈকে কিশোৰীগৰাকী ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত শিমলীতোলা আৰক্ষী চকীত ঘটনা সম্পৰ্কত এজাহাৰ দাখিল কৰে।

এজাহাৰ দাখিলৰ পাছতে তৎতপৰতাৰে ৰংজুলি তথা শিমলীতোলা আৰক্ষীয়ে ১২ ঘণ্টাৰ ভিতৰতেই ভাৰত-ভূটান সীমান্তৰ চিৰাং জিলাৰ ৰুণিখাটা থানাৰ অন্তৰ্গত দ্বিশ্ৰী গাঁৱৰ পৰা পুৱতি নিশা কিশোৰীগৰাকীক উদ্ধাৰ কৰে।

লগতে বীৰ লামা নামৰ এই লম্পটজনক আটক কৰি ৰংজুলি থানালৈ লৈ আনে।

অপহৰণ কাণ্ডত ব্যৱহাৰ কৰা এ এছ-০১ পি-৪০৮১ নম্বৰৰ মাৰুতি জেন বাহন এখনো জব্দ কৰে আৰক্ষীয়ে।

ইতিমধ্যে বীৰ লামাৰ বিৰুদ্ধে ৰংজুলি আৰক্ষী থানাত ৪১/২১ নম্বৰত ভাৰতীয় দণ্ড বিধিৰ ৩৬৬ (এ) ধাৰাত গোচৰ ৰুজু কৰি জে’ললৈ প্ৰেৰণ কৰিছে।

আৰক্ষী বিষয়াজনৰ এনে তৎপৰতাক শলাগ লৈছে শিমলীতোলাবাসী ৰাইজে।