শিলৰ চিণ্ডিকেটঃ নিলম্বিত হ’ল আঞ্চলিক বন বিষয়া দীপক চক্ৰৱৰ্তী…
June 2, 2021ধুবুৰীত ডিএছপিৰ পিছত এইবাৰ বন বিভাগৰ বিষয়াক নিলম্বন।
ধুবুৰীৰ ছাগলীয়া আঞ্চলিক বন বিষয়াক তৎকালীন ভাৱে নিলম্বন।
অসম বংগ সীমান্তৰ ছাগলীয়া আঞ্চলিক বন বিষয়া দীপক চক্ৰৱৰ্তীক মঙলবাৰে নিলম্বন কৰে ধুবুৰী জিলা বন বিষয়াই।
উল্লেখ্য যে, কেইদিনমান পূৰ্বে অসম বংগৰ ছাগলীয়াত আৰক্ষীয়ে অভিযান চলাই অত্যাধিক পৰিমাণত শিল ভৰ্তি কৰি নিয়া ১২২ খন ট্ৰাক জব্দ কৰি গতাই দিছিল ধুবুৰী বন বিভাগক।
তাৰ পাচতেই ধুবুৰী বন বিভাগে আৰম্ভ কৰিছিল তদন্ত।
আঞ্চলিক বন বিষয়া দীপক চক্ৰৱৰ্তীৰ নিলম্বনৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা নাই যদিও শিল ছিণ্ডিকেটৰ সৈতে জড়িত থকাৰ বাবেই নিলম্বন কৰাৰ সন্দেহ কৰা হৈছে।