শিল কঢ়িওৱা ডাম্পাৰৰ সৈতে মালবাহী টাটা এইচ বাহনৰ সংঘৰ্ষ

June 9, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ঐতিহাসিক ধোদৰ আলিত ভয়ংকৰ পথ দুৰ্ঘটনা।

চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত ডাবহিবিলত ধোদৰ আলিত ডাম্পাৰ আৰু অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা এচিই বাহনৰ মাজত এক মুখামুখি দুৰ্ঘটনা সংঘটিত হয় ।

দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনৰ নম্বৰ ক্ৰমে AS 04 BC 1224 আৰু AS 23 BC 9125।

দুৰ্ঘটনাগ্ৰস্ত হোৱা টাটা এইচ গাড়ীখনৰ চালকজনৰ নাম দধি গগৈ আৰু আন এজন আৰােহীৰ নাম ধুন তাঁতী বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত স্থানীয় বৰহাট আৰক্ষী উপস্থিত হৈ আঘাটপ্ৰাপ্ত লোকক বৰহাট প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে যদিও গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হোৱা দধি গগৈক সংকটজনক অৱস্থাত ডিব্ৰুগড় অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।